Skip to main content
LITERARY SPACE

বাৰ মাহৰ কবিতাঃ ব’হাগ

ৰঙতে ৰাঙলী হৈ আকৌ আহিল ব’হাগ তোমালোকৰ মাজলৈ অসমীয়া প্ৰতিটো চনৰ প্ৰথম মাহ ব’হাগে বসন্তৰ পৰা বলাই প্ৰেম প্ৰীতি আৰু সদ্ভাৱৰ বীজ অংকুৰিত কৰক তোমালোকৰ অন্তৰত। বিহুৱানখনিৰ মৰ্যাদা ৰাখি মান্যজনক সন্মান জ্ঞাপন কৰি এই নৱবৰ্ষতে সুন্দৰৰ পৰা সন্দৰতালৈ হোৱা ধাৱমান। মহাপুৰুষ দামোদৰ দেৱৰ তিথিৰ পয়োভৰ সত্ৰই সত্ৰই, ‘অহিংসা পৰম ধৰ্ম’ বাণী প্ৰচাৰ কৰোতে বুদ্ধদেৱৰ বৌদ্ধ […]

ৰঙতে ৰাঙলী হৈ

আকৌ আহিল ব’হাগ

তোমালোকৰ মাজলৈ

অসমীয়া প্ৰতিটো চনৰ

প্ৰথম মাহ ব’হাগে

বসন্তৰ পৰা বলাই

প্ৰেম প্ৰীতি আৰু সদ্ভাৱৰ

বীজ অংকুৰিত কৰক

তোমালোকৰ অন্তৰত।

বিহুৱানখনিৰ মৰ্যাদা ৰাখি

মান্যজনক সন্মান জ্ঞাপন কৰি

এই নৱবৰ্ষতে

সুন্দৰৰ পৰা সন্দৰতালৈ

হোৱা ধাৱমান।

মহাপুৰুষ দামোদৰ দেৱৰ

তিথিৰ পয়োভৰ সত্ৰই সত্ৰই,

‘অহিংসা পৰম ধৰ্ম’ বাণী

প্ৰচাৰ কৰোতে বুদ্ধদেৱৰ বৌদ্ধ পূৰ্ণিমা,

জগত গুৰু শ্ৰী শ্ৰী শংকৰাচাৰ্যৰ

জন্মতিথিৰ উখল-মাখল

আৰু জানা,

জন্ম আৰু প্ৰয়াণ তিথি হয়

বিশ্ববিখ্যাত চলচ্চিত্ৰ পৰিচালক

সত্যজিৎ ৰায়ৰ লগতে

বিশ্বকবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম তিথিৰ

মহামেলা পতা হয় এই ব’হাগতেই।

ব’হাগেই আনি দিয়ে

বিশ্ববিশ্ৰুত লোকৰ আৱিৰ্ভাৱৰ বতৰা…

আৰু কি হয় জানা

সাবিত্ৰী চতুৰ্দশী ব্ৰত।

মৈনাহঁত ডাঙৰ হ’লে

এই ব্ৰত পালন কৰিবা,

সহস্ৰ গোদান তুল্য

ফল লাভ কৰিবা।

ALSO READ | যাত্ৰী নে শৰণাৰ্থী: Tribute To Zubeen Garg