যাত্ৰী নে শৰণাৰ্থী: Tribute To Zubeen Garg
আজি মই যাত্ৰী নে শৰণাৰ্থী
এই চহৰৰ য’ত নাই তই?
তইহীনতাৰ বেদনাত ভুগিব নেকি এই চহৰ
যিদৰে ভুগিছো এই বেদনাত মই, সি আৰু তাই?
গীতবোৰত আকৌ সুৰ কোনে তুলিব, তোৰ দৰে?
নে গীতবোৰ হৈ ৰবগৈ
মাথোঁ শব্দৰ কোলাহল হৈ
তোৰ গীতবোৰ আকৌ বাজিব
মদৰ আড্ডাত,
ডিস্ক’ পাৰ্টীত,
বিয়া-সভাত
আৰু এই চহৰ অগণন মদিৰালয়ত…!
লাউডস্পীকাৰত তই গোৱা গীতেই বজাব
ভগৱানক এপলক ওচৰৰ পৰা পাবলৈ।
কোনোবাই তোক সোঁৱৰিব,
তোৰেই গীত গুণগুণাই।
চহৰৰ আন্ধাৰ গলিবোৰত আকৌ প্ৰাণ পাব
‘মায়াবিনী’, ’অনামিকা’ নাইবা ‘মায়া’ই।
কোনোবা মাতাল সুৰীয়া এজনৰ কণ্ঠত আকৌ শুনিম
‘তুমি মোৰ, মাথোঁ মোৰ’, ‘ল’ৰালি’, ‘যন্ত্ৰ’, নাইবা ‘উৰণীয়া মন’।
বন্ধ কোঠালীত কোনোবাই অকলে উচুপিব,
তোক সোঁৱৰি।
তোৰ গানৰ মাজত বিচাৰিব আকৌ কোনোবাই
নিজৰ মনৰ হেৰুৱাজনক।
কোনোবাই বিচাৰিব আকৌ, নিজকে ।
…!!
লাহে লাহে চহৰখন আগুৱাব
আকৌ ধাৱমান হ’ব এক নতুন দিগন্তলৈ।
চহৰে আকৌ হাঁহিব
চহৰে আকৌ কান্দিব
চহৰে আকৌ তোকেই বিচাৰিব,
কিন্তু…
কিন্তু সুৰহীন হৈ ৰ’ব এই চহৰ তোৰ অবিহনে।
আকৌ ফাগুন আহিব
আকৌ সজোৱা হ’ব বিহুতলী
আকৌ গাব কোনোবাই ‘য়া আলী’, ‘মাজুলীত এজনী ছোৱালী’
কিন্তু…!!
কিন্তু তই যে নাথাকিবি…
আৰু নুশুনিম কাহানিও
তোৰ সেই ৰেবেল সুৰীয়া কথাবোৰ।
‘ঘেণ্টা কাকো খাতিৰ নকৰোঁ
কোনেও আৰু বিহু কমিটিক নকয়
‘মোৰ যি মন, তাকেই গাম।’
কোনেও আৰু নকয়
‘মোৰ কোনো জাতি নাই
মোৰ কোনো ধৰ্ম নাই… মই মুক্ত!’
তই আজি আৰু নাই
কিন্তু…
কিন্তু আমি আগুৱাই যাম,
অ, আগুৱাবই লাগিব তইহীনতাৰ বোজা কঢ়িয়াই!
আমি আগুৱাবই লাগিব!
…
আজি,
আজি মই অকল এজন যাত্ৰী হে মাথোঁ
আজি আমি অকল একোজন যাত্ৰী হে মাথোঁ
আজি মই যাত্ৰী হে মাথোঁ এই চহৰৰ
য’ত নাই তই…
ALSO READ | Has The Demand For Justice Been Diluted? How Will Zubeen Garg Get Justice?
Partha Prawal Goswami (Partha Prawal) is a Guwahati-based journalist and editor of The Story Mug, specialising in entertainment, sports, and social issues. He writes regularly for news platforms and journals, and is a recipient of the Laadli Media & Advertising Award for Gender Sensitivity (Eastern Region). He has also co-authored a research project for UNICEF.
