মহাবাহু: The Brahmaputra Movie Review
মহাবাহু: The Brahmaputra, যোৱা ১১ ছেপ্টেম্বৰ মুক্তি পোৱা এখন নতুন অসমীয়া চিনেমা যিখনৰ কাহিনী,চিত্ৰনাট্য লিখিছে প্ৰাঞ্জল প্ৰতীম চেতিয়াই। মহাবাহুৰ পৰিচালনাৰ লগতে মুখ্য চৰিত্ৰত অভিনয়ো কৰিছে প্ৰাঞ্জল প্ৰতীম চেতিয়ায়েই।
মহাবাহু: The Brahmaputraৰ মুখ্য চৰিত্ৰ প্ৰত্যুষ(প্ৰাঞ্জল প্ৰতীম চেতিয়া)য়ে ব্ৰহ্মপুত্ৰ বৰ্ডত চাকৰি কৰে। তেওঁ ইতিমধ্যে আৰ্মিৰ চাকৰি এৰি আহিছে। কাৰ্যালয়ৰ এটি প্ৰজেক্টৰ বাবে ব্ৰহ্মপুত্ৰৰ এক সমীক্ষা চলোৱাৰ অভিযানত প্ৰত্যুষৰ লগত সংযুক্ত হয় প্ৰীতি কংকণাৰ চৰিত্ৰটোৰ লগতে আন দুজন ভ্লগাৰৰ।
এই ভ্লগাৰ দুজনৰ চৰিত্ৰ দুটাৰ এই অভিযানৰ লগত তেনে কোনো প্ৰয়োজন দৃষ্টিগোচৰ নহ’ল। আটাইকেইজনে কৰা এই যাত্ৰাত কি কি হয়, কিহৰ মাজেৰে পাৰ হয়-তাক লৈয়েই ছবিখন আগবাঢ়ে।
কাহিনীভাগ আগবাঢ়ে যদিও,বিশেষ কোনো উপজীব্য নাছিল মানসিক খোৰাক যোগাব পৰাকৈ। চিত্ৰনাট্যৰ গাঁঠনি দুৰ্বল। সংলাপত কথিত শব্দৰ প্ৰয়োগতকৈ লিখিত শব্দৰ প্ৰয়োগ অধিক কৰা দেখা গ’ল।
ব্ৰহ্মপুত্ৰত কিহৰ সমীক্ষা কৰিবলৈ গৈছিল সেয়া স্পষ্ট নহ’ল সমগ্ৰ ছবিখনত। চিনেমাখনত গানৰ উপস্থাপনো পৰিস্থিতিৰ তাগিদা নোহোৱাকৈয়েই কৰা গৈছে।
মুখ্য চৰিত্ৰৰ সংলাপ প্ৰক্ষেপণ অধিক নাটকীয় হোৱা দেখা গ’ল। ছবিখনত উৎকন্ঠা সৃষ্টি কৰিব পৰাৰ যথেষ্ট থল আছিলে যদিও,সেয়া প্ৰয়োগ হোৱা দেখা নগ’ল।
স্পষ্ট কোনো উদ্দেশ্য নোহোৱাকৈ কাহিনীভাগ আগুৱাই বাবে অন্তলৈকে মনোগ্ৰাহী হৈ নুঠে। সমৰকলা নিৰ্দেশনা আৰু ভি এফ এক্সৰ কাম দুৰ্বল। ৰূপসজ্জা দৃষ্টিকটু হৈছে। অভিনয়ৰ ক্ষেত্ৰত নাম ল’বলৈ তেনেকৈ উল্লেখনীয় কোনো চৰিত্ৰৰ নাম নাই।
ALSO READ | Why Achinta Shankar’s ‘Homework’ Matters In Contemporary Assamese Cinema

Rimli Borkotoky is an Assam-based journalist, film critic, and author. She is the former editor of the popular Assamese magazine ‘Maya’ and the author of two books, of which ‘Urbora Jiyai Asey’ drew significant attention among readers for its bold theme and presentation. Her film criticism and reviews are published in several leading newspapers and digital platforms across the state.
