
আত্মনিৰ্ভৰশীল অসমৰ অন্যতম পথ প্ৰদৰ্শক,বিহগী কবি ৰঘুনাথ চৌধাৰীৰ এক ব্ৰঞ্জৰ আবক্ষ মূৰ্তি অহা ১৮ নৱেম্বৰত গুৱাহাটীৰ নাৰেংগী-বীৰকুছিৰ বিহগী নগৰত উন্মোচন কৰা হ’ব৷
চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ প্ৰচেষ্টাত ৰাজভৱনৰ অনুদানেৰে চত্তিছগড়ৰ ইন্দিৰা কলা সংগীত বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ডঃ চাগেন্দ্ৰ উছেন্দিৰ নেতৃত্বত ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰা বিহগী কবিৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো ৰাইজৰ সহযোগিতাত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ উদ্যোগত বিহগী নগৰত স্থাপন কৰা হৈছে বুলি বৃহত্তৰ বীৰকুছি সাহিত্য সভা (শতদল শাখা)ৰ সভাপতি ৰীণা শৰ্মা, সম্পাদক ৰবীন ভট্টাচাৰ্য আৰু আবক্ষ মূৰ্তি নিৰ্মাণ সমিতিৰ সভাপতি বিপিন চন্দ্ৰ ঠাকুৰীয়া আৰু সম্পাদক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে এক বিবৃতিযোগে জানিবলৈ দিছে৷
বিবৃতিটোত তেওঁলোকে কয় যে সেইদিনা চত্তিছগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই আবক্ষ মূৰ্তিটো উন্মোচন কৰিব৷ অনুষ্ঠানত শিশু সাহিত্য ন্যাসৰ সচিব তথা বিশিষ্ট লেখক হৃষীকেশ গোস্বামী, বিশিষ্ট লেখক পৰীক্ষিত বৈশ্য, শিক্ষাবিদ তথা বিহগী কবিৰ পৰিয়ালৰ সদস্য ডঃ কুলেন্দু পাঠক আদি উপস্থিত থাকিব৷ অনুষ্ঠানত বিহগী কবি ৰঘুনাথ চৌধাৰীয়ে জীৱনকালত ব্যৱহাৰ কৰা আচবাব আদিৰ প্ৰদৰ্শনী, পুস্তিকা 'ৰঘুনাথ’ উন্মোচন কৰাৰ লগতে সন্ধিয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জন্মদিন উপলক্ষে উৎসৰ্গিত সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ’ব৷
উল্লেখ্য যে আত্মনিৰ্ভৰশীল অসমৰ অন্যতম পথ প্ৰদৰ্শক বিহগী কবি ৰঘুনাথ চৌধাৰী বীৰকুছি এলেকাত পাম স্থাপন কৰি কৃষি কৰ্ম কৰাৰ লগতে অসমবাসীক কৃষিৰে আত্মনিৰ্ভৰশীল হোৱাৰ বাবে উৎসাহ দিছিল৷ উক্ত স্থানৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত বিহগী কবিয়ে ’দহিকতৰা’ (১৯৩১ চন) কে ধৰি বহু প্ৰখ্যাত কবিতা ৰচনা কৰিছিল৷
সেয়েহে বীৰকুছিৰ সেই স্থানক ইতিমধ্যে “বিহগী নগৰ” বুলি নামকৰণ কৰা হৈছে৷ বিহগী নগৰতে তেওঁৰ মৃত্যু দিৱসৰ সৈতে সংগতি ৰাখি ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটো চত্তিছগড়ৰ ৰাজভৱনৰ অনুদানেৰে স্থাপন কৰা হৈছে৷
আনহাতে ১৯ নৱেম্বৰত বিহগী কবিৰ আবক্ষ মূৰ্তি স্থাপন কৰা ক্ষেত্ৰত বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ (শতদল শাখা) বিশেষ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ’ব৷
অধিৱেশনত ৰবীন্দ্ৰনাথ ঠাকুৰ আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ উমেশ ডেকা,সদৌ অসম নাট্য সন্মিলনৰ সভাপতি জিতেন শৰ্মা উপস্থিত থকাৰ লগতে ৰীণা শৰ্মাই সংকলন কৰা ’কাবুলীৱালা’ ( মহানন্দ শৰ্মাৰ নাট্য সংকলন) উন্মোচন কৰা হ’ব৷