Skip to main content
CINEMA & CULTURE
A Scene From Moromor Deuta

মৰমৰ দেউতা: আধৰুৱা হৈ ৰ’ল বহু কথা

ডঃ ভবেন্দ্ৰনাথ শইকীয়াৰ উপন্যাস ‘মৰমৰ দেউতা‘। এই উপন্যাসখনকেই আধাৰ হিচাপে লৈ হিমজ্যোতি তালুকদাৰৰ দ্বাৰা পৰিচালিত নৱতম ছবি ‘মৰমৰ দেউতা’ (Moromor Deuta)

সমন্বিতভাৱে ছবিখনৰ চিত্ৰনাট্য লিখিছে হিমজ্যোতি তালুকদাৰ,শান্তনু ৰৌমূৰীয়া আৰু অভিষেক দত্তই।

গত ১৫ মে’ তাৰিখে মুক্তি লাভ কৰা এই ছবিখন বৰ্তমানেও অসমৰ ভিন্ন ছবিগৃহত চলি আছে। ছবিখনৰ প্ৰযোজনা মমতা মোহিলাৰীৰ।

ছবিৰ আৰম্ভণি হয় উত্তেজনা মিশ্ৰিত দৃশ্যৰে। পৰৱৰ্তী সময়ত ফ্লেছবেকত গতি কৰে চিনেমাই। এটি সৰু পৰিয়াল,পৰিয়ালটিত মাক,দেউতাক,পুতেক আৰু জীয়েক। দেউতাক কৰ্মসূত্ৰে দূৰৈত থাকে। ঘৰতো আৰম্ভণিৰে পৰাই এক উদ্বিগ্নতাৰ পৰিবেশ দেখুওৱা হয়।

সকলো অশান্তিৰ মূল কাৰণ পুত্ৰ পাৰ্থ। পাৰ্থই সৰু এটি কথাতে মাকক মানসিক আৰু বায়েকক শাৰিৰীক অত্যাচাৰ পৰ্যন্ত চলাই। এনে সৰু-বৰ ঘটনাৰেই তেওঁলোকৰ সংসাৰখন চলি গৈছিল। এদিন বেছি অশান্তিৰ উমান পাই,দেউতাক ঘৰলৈ বুলি আহে।

অহাৰ পিছত কি হয়-পৰিস্থিতি কোনফালে ধাৱমান হয়,তাক লৈয়েই ছবিখনৰ পৰৱৰ্তী অংশ। খুব ধুনীয়া কাহিনী এটা। আৰম্ভণিৰ কিছু অংশ কাহিনীৰ গতি সাৱলীল। ঠিক ছবিখনলৈ দেউতাকৰ চৰিত্ৰটো অহাৰ পৰাই,চিত্ৰনাট্যৰ গতি অতি মন্থৰ হৈ পৰে।

চিত্ৰনাট্যখনৰ এই দুৰ্বলতাৰ বাবে ছবিখন উপভোগ্য হৈয়ো উপভোগ্য হৈ নুঠে। মনোগ্ৰাহী হৈ নুঠে প্ৰচুৰ সম্ভাৱনা থকা ছবিখনো।

ছবিখনৰ কোনো অংশতেই কোনোধৰণৰ আৱেগৰ উদ্ৰেক নহয়। ছবিখনৰ এটা শক্তিশালী অংশ হ’ব পাৰিলেহেঁতেন অভিনয়।

পিছে অভিনয়শিল্পীসকলে নিজৰ দক্ষতা প্ৰকাশ কৰাৰ বিশেষ সুযোগ নেপালে। পাৰ্থৰ ভূমিকাত অভিনয় কৰা বোধিসত্ত্ব শৰ্মাৰ অভিনয় স্বাভাৱিক,যদিও আৰু ভাল হোৱাৰ থল আছিল।

ঠিক তেনেদৰেই মিন্তু বৰুৱাৰ চৰিত্ৰটিও। অপৰ্ণা দত্ত চৌধুৰী আৰু মিন্তু বৰুৱাৰ লগত পুত্ৰ পাৰ্থৰ সম্পৰ্ক আৰু সম্পৰ্কৰ জটিলতাক কেন্দ্ৰ কৰি সৃষ্ট উদ্বেগ-আৱেগক আৰু অধিক গুৰুত্ব দিব পাৰিলেহেঁতেন।

তেতিয়া অন্তিম অংশলৈ আৰু অধিক মনোগ্ৰাহী হৈ উঠিলেহেঁ‌তেন। আৱহ-সংগীতে ভালদৰে লগ নিদিলে ছবিখনক। সম্পাদনাৰ দিশ দুৰ্বল।

মুঠতে এক কথাত ক’বলৈ গ’লে মৰমৰ দেউতা উপন্যাসখনৰ চিত্ৰায়ণ সফল হৈ নুঠিল।

ALSO READ | Between Imitation And Identity: Why Moromor Deuta Feels Important

Lobhita: The Story

June 12, 2026

Lobhita: The Night

June 12, 2026

Lobhita: The Flood

June 12, 2026