Skip to main content
CINEMA & CULTURE

NRC: নলপাৰাৰ ৰামচন্দ্ৰই আপোনাক মুঠেও নিৰাশ নকৰে

NRC: নলপাৰাৰ ৰামচন্দ্ৰ  ছবিখনে মুক্তিলাভ কৰিছে গত ২৫ ছেপ্তেম্বৰ তাৰিখে। নানান পাচনিৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে বেদব্ৰত বৰাই। উল্লেখনীয় যে পৰিচালক নানান পাচনিৰ এইখন প্ৰথম ছবি হোৱাৰ লগতেই চিত্ৰনাট্যকাৰ বেদব্ৰত বৰাৰো এইখন প্ৰথম ছবি। ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে।

NRC: নলপাৰাৰ ৰামচন্দ্ৰ ছবিখনৰ আৰম্ভ হয় নদীৰ পাৰৰ এটি নৈসৰ্গিক দৃশ্যৰে। নলপাৰাৰ ৰামচন্দ্ৰত মূলতঃ নলপাৰাৰ কুশলেন্দ্ৰ(সিদ্ধাৰ্থ শৰ্মা)ৰ জীৱনৰ কিয়দংশৰ কাহিনী।

কুশলেন্দ্ৰ সত্যৱতী বৰা (প্ৰণামী বৰা)ৰ সন্তান। কুশলেন্দ্ৰৰ ভাওনাৰ প্ৰতি অপাৰ হেপাঁ‌হ। ভাওনা আৰু সমাজ-জীৱনক একত্ৰিত কৰি আগবাঢ়ে কাহিনীভাগ।

ছবিখনৰ প্ৰথমাৰ্দ্ধত চৰিত্ৰসমূহক প্ৰতিষ্ঠা কৰা হৈছে। কুশলেন্দ্ৰৰ একাকী জীৱন ভাওনা আৰু দোকান লৈ চলি গৈছিল। তেনেতে আহি পৰিল NRC ৰ প্ৰসংগ। এই প্ৰসংগই কি ৰূপ লয়গৈ,কাষৰীয়া চৰিত্ৰসমূহৰ লগত কুশলেন্দ্ৰৰ সমান্তৰালকৈ কি কি ঘটে-তাক লৈয়েই চিনেমাখনৰ কাহিনীভাগ।

আৰম্ভণিৰ পৰাই কাহিনীভাগ গতিশীল,মাথোঁ চৰিত্ৰসমূহৰ প্ৰতিষ্ঠা কৰোতে সময়ৰ ব্যয় আৰু অলপ কম কৰিব পাৰিলেহেঁতেন। আৰম্ভণিতে দেখুওৱা বানপানীৰ দৃশ্যৰ সম্পূৰ্ণকৈ গ্ৰহণযোগ্যতা আছে। বানৰ দৃশ্যায়ন সহজ কথা নহয়।

আৰম্ভণিৰে পৰাই মৃদু-মধুৰ হাস্যৰসৰ উপস্থাপন ঘটিছে। সেয়াই পৰিস্থিতি সাপেক্ষ তথা গ্ৰহণযোগ্য। আনফালেদি সাৰংগ বৰুৱা (পংকজ মহন্ত)আৰু ৰশ্মি (বৈভৱী গোস্বামী)ৰ মাজত প্ৰেমৰ সম্পৰ্ক আগবাঢ়ে ঘটনাবহুলতাৰ মাজেৰে। এই সকলোবোৰ চৰিত্ৰ আৰু ঘটনাবহুলতাৰ মাজেৰে আগুৱাই ছবিখন।

প্ৰদীপ দৈমাৰীৰ চিনেমেট’গ্ৰাফীৰ প্ৰশংসা কৰিব লাগিব। আৱহ-সংগীতৰ লগতে যিকেইটা গীত আছে ছবিখনত, আটাকেইটা সুমধুৰ।

ডানিছৰ কথাৰে “জয় জয় ৰাম,জয় শ্ৰীৰাম”, জুবিন গাৰ্গৰ কন্ঠেৰে “এঘৰীয়া মন” উল্লেখনীয়। “এঘৰীয়া মন” ছবিগৃহত চলি থকাৰ সময়ত বুকু গধুৰ হৈ পৰিছিল।

NRC: নলপাৰাৰ ৰামচন্দ্ৰ  মাত্ৰ এখন মনোৰঞ্জনধৰ্মী ছবি নহয়। এই ছবিখনৰ মূল বাৰ্তা খুউবেই শক্তিশালী। এই শক্তিশালী বাৰ্তাই সমগ্ৰ ছবিখনকে এক অন্য মাত্ৰা প্ৰদান কৰিলে। এনে বাৰ্তাবাহক ছবিখনৰ সংলাপে আপোনাক মুগ্ধ কৰিব।

NRC: নলপাৰাৰ ৰামচন্দ্ৰ হ’ল সমাজ-সংস্কাৰমূলক এখন ছবি। ব্যংগৰ মাজেৰে বহু কথা কৈছে কাহিনীকাৰ, পৰিচালকে।

জাতি-ধৰ্ম,বৰ্ণ ভেদাভেদ এতিয়াও সজোৰে চলি থকা সমাজ ব্যৱস্থাত এনে চিনেমাৰ গুৰুত্ব বহুত।

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব পংকজ মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ। যদিওবা দুয়োজনেই খুউব ভাল কাম কৰিছে ছবিখনত, কোনো কোনো সময়ত অনুভৱ হৈছিল যেন কুশলেন্দ্ৰৰ চৰিত্ৰটিত পংকজ মহন্তই অভিনয় কৰিলে অধিক শুৱালেহেঁ‌তেন। লগতেই জয়ন্ত ভাগৱতী, প্ৰণামী বৰা আৰু সূৰ্য শইকীয়াৰো নাম ল’বই লাগিব। সকলো চৰিত্ৰই নিজ নিজ ভূমিকাত ভাল কাম কৰিছে।

এক কথাত ক’বলৈ গ’লে NRC: নলপাৰাৰ ৰামচন্দ্ৰই আপোনাক মুঠেও নিৰাশ নকৰে।

WATCH REVIEW HERE