Skip to main content
CINEMA & CULTURE

’কোন তুমি’ (Kun Tumi), এখন অতি উপভোগ্য অতিলৌকিক অসমীয়া চুটি ছবি

কোন তুমি (Kun Tumi), সদ্যমুক্তিপ্ৰাপ্ত চুটি ছবিখনৰ বিষয়েই আজিৰ এই কলম। মূলতঃ শ্ৰদ্ধাৰ বৰেণ্য শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা আৰু স্মৰণ জনাই নিৰ্মাণ কৰা হৈছে এই ছবিখন।

ছবিখনৰ কাহিনীভাগৰ লগতে পৰিচালনা আৰু চিত্ৰনাট্যৰ দায়িত্বত আছে শ্ৰেয়ান শেখৰ শৰ্মা। চিনেমেট’গ্ৰাফী কৰিছে তন্ময় কলিতাই। সংগীত ব্যৱস্থাপনা গৌৰৱ ৰাজ হাজৰিকাৰ।

এই চুটি ছবিখন বৰ্তমান ইউটিউবৰ দা অৰ্গেনিক ক্ৰিয়েটৰ্ছ (The Organic Creators) নামৰ চেনেলটিত উপলব্ধ।

কোন তুমি এখন যাদুকৰী বাস্তৱবাদ (মেজিকেল ৰিয়েলিটি)ৰ লগতেই এখন অতিলৌকিক তথা মনঃস্তাত্বিক ধাৰাৰ ছবি বুলিব লাগিব।

ছবিখনৰ আৰম্ভণি হয় সিদ্ধাৰ্থ মুখাৰ্জীয়ে গান লিখিবলৈ লোৱাৰ পৰা। তেওঁ গান লিখিবলৈ বহে আৰু তেওঁৰ ঘৰত থকা সহায়কাৰী ল’ৰাজনে (অভিজিত গেৰুৱান) তেওঁক ভাত খাবলৈ মাতে।

গীতিকাৰ মুখাৰ্জীয়ে ল’ৰাজনক দুদিনৰ বাবে ফুৰিবলৈ যাবলৈ কয়। ল’ৰাজনে কয় তেওঁ ব্ল’গিং কৰিবলৈ গুছি যাব। যাবলৈ কয় মুখাৰ্জীয়ে। কথামতেই কাম।

ALSO READ | যাত্ৰী নে শৰণাৰ্থী: Tribute To Zubeen Garg

পিছদিনা পুৱাই এটি পাহাৰীয়া বাটেৰে নিজৰ স্কুটীখন লৈ যাত্ৰা কৰে ল’ৰাজনে। বাটত তেওঁ এজন বাবাক ঠিকনা সুধে। বাবাজনে তেওঁক দুআষাৰমান কথা কৈ,পথ প্ৰদৰ্শন কৰিম বুলি স্কুটীত উঠি পৰে। যাওঁতে তেওঁ গীত গাই-“অ পখী ৰৈয়া যা-“এই দৃশ্যাংশটোৱে স্বদেশ ছবিখনৰ-“য়ুহী চ্চল্লা চ্চল ৰাহী”-গীতটোৰ দৃশ্যাংশলৈ মনত পেলাই দিয়ে।

দুয়োখন ছবিৰ মাজত এই দৃশ্যাংশৰ সাদৃশ্য আছে। ল’ৰাজন গৈ পাহাৰ,জংঘলৰ মাজৰ এটি টঙীঘৰ সদৃশ ঘৰত উঠেগৈ।তেতিয়ালৈ নিশা নামে। হঠাত্‍ তালৈ হাতত লেম্প এটি লৈ ৰাজু ৰয়ৰ প্ৰবেশ ঘটে। মুখত জুবিন গাৰ্গৰ গীতৰ কলি।

লেম্পটো ল’ৰাজনক দি তেওঁ ভিতৰত থকা হাৰমনিয়ামখন বজাবলৈ আৰম্ভ কৰে। ইফালে ল’ৰাজনে ব্লগিং আৰম্ভ কৰে ৰাজু ৰয়ৰ লগত।

প্ৰশ্নোত্তৰৰ শেষত ভাগৰি পৰা ৰাজু ৰয়ক দিবলৈ পানী আনিবলৈ যোৱা অভিজিতে ঘূৰি আহি ভিতৰত সিদ্ধাৰ্থ মুখাৰ্জীক হে পাইহি।

ইফালে ব্লগিঙৰ কেমেৰাত ৰাজু ৰয়ৰ সৈতে বাৰ্তালাপৰ কোনো ৰেকৰ্ডিঙেই উপলব্ধ নাছিল। পৰৱৰ্তী সময়ত কি হয়,কি আৱিস্কাৰ কৰে দুয়োৱে তাকে লৈয়েই ছবিখন।

ছবিখনত জুবিন গাৰ্গৰ গীতৰ কলিৰ ব্যৱহাৰ খুব সুন্দৰকৈ কৰা হৈছে। লগতে ছবিখনৰ আৰম্ভণি চালে ই কোন দিশে গতি কৰি আছে উমান পোৱা নেযায়। অৰ্থাৎ আৰম্ভণিৰে পৰাই উৎকন্ঠা নাথাকিলেও পৰৱৰ্তী সময়ত উৎকন্ঠা আৰু ক্ৰমশঃ শোক উজাই আহে।

ছবিৰ মুখ্য বিষয়বস্তু আৰু ইয়াৰ উপস্থাপন শলাগনীয়। পৰিচালক শৰ্মা এইবাবে প্ৰশংসাৰ পাত্ৰ।

মূল চৰিত্ৰ কেইটাত অভিনয় কৰা সিদ্ধাৰ্থ মুখাৰ্জী,ৰাজু ৰয় আৰু অভিজিত গেৰুৱানৰ অভিনয় সাৱলীল।

আপুনি যদি এগৰাকী জুবিন প্ৰেমী তেন্তে আপুনি এই ২৬ মিনিট দৈৰ্ঘ্যৰ ছবিখন নিশ্চয়কৈ চাওঁ‌ক। আপুনি হতাশ নহয়।

ALSO READ | বাৰ মাহৰ কবিতাঃ ব’হাগ