Skip to main content
LITERARY SPACE
Representational Image

বাৰ মাহৰ কবিতাঃ জেঠ

অসমীয়া কেলেণ্ডাৰৰ পৰা প্ৰথম পাত সৰি গৈ

দ্বিতীয় পাতে ভুমুকি মাৰিলে জেঠ মাহ নাম লৈ।

দুই অমাৱস্যাৰ আগমনে এই মাহ হ’ল মল মাহ,

নকৰিবা কোনো ধৰ্মীয় কাম এই জেঠ মাহত।

জেঠৰ খৰক জেঁঠুৱা খৰ বুলি কয় বিজ্ঞলোকে,

গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ

যেই সেই শীতৰ পানীয়া নাখাবা তোমালোকে।

পইচাৰ লোভত বিক্ৰী কৰা এই বস্তুবোৰৰ পৰা,

হানি হ’ব তোমালোকৰ কোমল শৰীৰৰ।

মৰমৰ খুৰা,

পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুতিথি পালন কৰোঁ

এই মাহতেই আন্তৰিক শুদ্ধাৰে।

মহাপুৰুষ শ্ৰী শ্ৰী হৰিদেৱৰ তিথি

আৰু

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম তিথি

কৰো পালন এই মাহতেই।

ৰাজা ৰামমোহন ৰায়ৰ আবিৰ্ভাৱ তিথি এই মাহতেই

আৰু

তিথি হয় সাহিত্যিক কৃষ্ণকান্ত সন্দিকৈ, সাহিত্যচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰো।

এই সকল মহৎ লোকৰ মহান আদৰ্শেৰে,

তোমালোকৰ জীৱনো মহীয়ান কৰা অধিক সফলতাৰে।

ALSO READ | Baro Mahor Kobita: Bohag

Lobhita: The Story

June 12, 2026

Lobhita: The Night

June 12, 2026

Lobhita: The Flood

June 12, 2026