Skip to main content
CINEMA & CULTURE

Ratanpur Movie Review: ৰতনপুৰলৈ নেযাঁও কিয়?

গত ২৩ অক্টোবৰ, ২০২৬, তাৰিখে মুক্তিলাভ কৰা আন এখন অসমীয়া ছবি হৈছে-ৰতনপুৰ (Ratanpur)। ছবিখনৰ কাহিনী আৰু সম্পাদনা কংকণ ৰাজখোৱাৰ। যুটীয়াভাৱে চিত্ৰনাট্য আৰু সংলাপ লিখিছে কংকণ ৰাজখোৱা আৰু ত্ৰিদীপ লাহনে। পৰিচালনা কৰিছে কংকণ ৰাজখোৱায়েই। বৰ্তমানেও অসমৰ ভিন্ন ছবিগৃহত চলি আছে এই ছবিখন।

ছবিৰ আৰম্ভণি হয় চোৰ খেদা এক দৃশ্যৰে। ৰতনপুৰ নামৰ গাওঁখনৰ বিভিন্ন চৰিত্ৰ আৰু ঘটনাক লৈ এই ছবিখন নিৰ্মাণ কৰা হৈছে। আৰম্ভণিৰ প্ৰতিবেশী দুখন ঘৰৰ দুগৰাকী তিৰোতাৰ মাজত লগা কাজিয়াখন স্বতঃস্ফূৰ্ত যেন নেলাগি আৰোপিত যেনহে লাগিল।

আৰম্ভণিৰে পৰাই বহু চৰিত্ৰক প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা হৈছে যদিও, সেই চেষ্টাত বিফল কাহিনীকাৰ, পৰিচালক ৰাজখোৱা। বহু চৰিত্ৰৰ উপস্থাপন কৰিলে হয়, পিছে সেই চৰিত্ৰসমূহৰ মাজত মৌলিক সজ্জা ভালদৰে কৰিবলৈ সক্ষম নহ’ল। যাৰবাবে এখন সুস্থ বাৰ্তাবাহী ছবি দৰ্শকে চাবলৈ নেপালে। আৰু এনে বহু কাৰণ আছে যাৰবাবে ৰতনপুৰলৈ নেযাঁও বুলি লিখিছো।

ৰতনপুৰৰ আটাইতকৈ দুৰ্বল অংশ হৈছে ইয়াৰ চিত্ৰনাট্যখন। লগতে পৰিচালনা আৰু সম্পাদনাও দুৰ্বলেই বুলিব লাগিল। সমগ্ৰ ছবিখনৰে কোনো অংশতেই ছবিখন চাবলৈ আগ্ৰহ উদ্ৰেককাৰী নহয়। আটাইতকৈ বিৰক্তিকৰ আছিলে, একেধৰণৰ দৃশ্যপটৰ বাৰম্বাৰ কোনো নতুনত্বহীনভাৱে কৰা উপস্থাপন। যেনে গধূলি হ’লেই মদ খোৱাৰ দৃশ্যটো, সিদ্ধাৰ্থ শৰ্মাৰ চকুৰ সমস্যাটো-এইবোৰ বাৰম্বাৰ দেখুৱাই থকাৰ অৰ্থ এটাই লাগিল যেন কাহিনীকাৰৰ ওচৰত কাহিনীটো ক’বলৈ বা ছবিখন আগুৱাই নিবলৈ কোনো সমল নাই।

তদুপৰি ছবিখনত কৰা হাস্যৰসৰ উপস্থাপন কৰাৰ নামত কিছুমান পুতৌলগা সংলাপৰ ব্যৱহাৰ কৰা হ’ল,যেনে-“ভাওনাত পুৰুষ চৰিত্ৰই মাইকীৰ ভাও লোৱা”-বুলি নাৰীক হেয় জ্ঞান কৰা কথাক আজিৰ দিনতো কৌতুক হিচাপে ব্যৱহাৰ কৰা হৈছে। যিদৰে সিদ্ধাৰ্থ শৰ্মাৰ চৰিত্ৰটোৰ চকুৰ সমস্যাক লৈ বাৰম্বাৰ কৰা কৌতুকৰ অপ-প্ৰয়াস।

সুস্থ হাস্যৰসৰ প্ৰয়োগ এক আটকীয়া কলা বুলি বহুবাৰ উল্লেখ কৰিছো মোৰ আন আন লিখাতো। ৰতনপুৰৰ আৱহ-সংগীতো গতানুগতিকতাৰ উৰ্দ্ধত নহয়।

অভিনয়ৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব অমৃতা গগৈৰ। যদিওবা অমৃতা গগৈৰ অভিনয় প্ৰতিভা প্ৰকাশৰ বিশেষ সুযোগ ছবিখনত নাই। দিক্ষুৰ অভিনয় অপ্ৰত্যাশিতভাৱে ভাল লাগিল। যিহেতু তেওঁ‌ এজন অভিনয় শিল্পী নহয়, সেইহিচাপত তেওঁৰ অভিনয় ভাল।

বাকী চৰিত্ৰসমূহ গতানুগতিক। ছবিৰ অন্তত কিবা এটা যোগাত্মক বাৰ্তা দিবলৈ চেষ্টা কৰা যেন সামান্য অনুভৱ হৈছিল,যদিওবা সেইখিনিৰ কোনো অৰ্থ নেথাকিল বা চিনেমাখনত মাজে মাজে দুই এটা তেনে সংলাপৰ বাদে একো নেপালো।

মুঠতে একাষাৰেই ক’ব লাগিব ৰতনপুৰলৈ নেযাঁও।

ALSO READ | Prem XL Review: A Simple Love Story That Works Because Of Its Innocence