Pyre Review: সকলোৱে চাবলগীয়া এখন চিনেমা
পায়েৰ (Pyre)ৰ অৰ্থ হৈছে চিতা বা মৃতকক সৎকাৰ কৰাৰ এক ব্যৱস্থা। এই ছবিখনে মুক্তি লাভ কৰিছিলে গত ৩০ অক্টোবৰ তাৰিখে। অৱশ্যে ২০২৪ চনতেই এই ছবিখন বিভিন্ন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱাৰ লগতেই বহু বঁটা-বাহনো লাভ কৰিবলৈ সক্ষম হৈছিল।
Pyreৰ কাহিনী আৰু চিত্ৰনাট্য লিখিছে বিনোদ কাপ্ৰিয়ে। পৰিচালনাও কৰিছে বিনোদ কাপ্ৰিয়েই। উল্লেখনীয় যে Pyreৰ কাপ্ৰি দ্বাৰা পৰিচালিত প্ৰথমখন ছবি।
ছবিৰ আৰম্ভণি ঘটে এক নৈসৰ্গিক দৃশ্যৰে। কুমাওনী ভাষাত প্ৰাৰ্থনা গায়, গায় এক বৃদ্ধ পাহাৰীয়া বাটেৰে আগুৱাই গৈ থাকে। লগত তেওঁৰ প্ৰায় সমবয়সীয়া পত্নী। এইখিনিৰে পৰাই ছবিখনে ফ্লেছবেকত গতি কৰে।
আৰম্ভণিতে কিয় সেই দৃশ্যৰ উপস্থাপন কৰিলে কাহিনীকাৰ, পৰিচালকে সেই লৈ সেই ফ্লেছবেকৰ অন্ত নপৰালৈকে এক উৎকন্ঠাক বজাই ৰাখিবলৈ সক্ষম হৈছে পৰিচালক কাপ্ৰি। মানুহৰ বয়স বাঢ়ি গৈ থাকে, আক্ষৰিকভাৱে, কিন্তু জীয়াই থকাৰ হেঁপাহ শেষ নহয়।
কিমান দুৰ্বাৰ আশা আৰু চেনেহ থাকিলে দুই জীৱনসংগীয়ে আপ্ৰাণ চেষ্টা কৰে পৰস্পৰক জীয়াই ৰাখিৱলৈ। দুই জীৱনসংগীৰে প্ৰাত্যহিক জীৱনযাত্ৰাক ছবিখনত দৰ্শোৱা হৈছে। অতি ভিতৰুৱা এখন পাহাৰীয়া গাঁৱত, য’ত মানুহৰ বসতি কম তথা পাতল, তেনে এখন গাঁৱত দুই বৃদ্ধ-বৃদ্ধাৰ জীৱন যাত্ৰা কিদৰে চলে,কিদৰে দুয়ো দুয়োকে অপত্য আদৰ-স্নেহেৰে আৱৰি ৰাখে-ইয়াৰেই দৃশ্যায়ন পায়েৰ। অ, লগতেই বাৰ্ধক্যৰ সমান্তৰালকৈ অহা কায়িক-মানসিক সমস্যাকো দৰ্শোৱা হৈছে। ছবিখনৰ আৰম্ভণিৰে কাহিনী কথন খুব সৰল আৰু সুন্দৰ।
চিত্ৰনাট্য আৰু পৰিচালনা দোষমুক্ত। ছবিখন চাই থাকিলে ছবিখনৰ লগত ইমানেই এক মনোগ্ৰাহীতা গঢ় লৈ উঠে যে এক মূহুৰ্তৰ বাবেও চকুৰ পলক পেলাবলৈ নোৱাৰি। Pyreৰ সম্পাদনা ভাল। কলা নিৰ্দেশনা এক উল্লেখনীয় দিশ ছবিখনৰ। Pyerৰ চাই থাকোতে মাজে মাজে বৰষুণৰ দৃশ্য আৰু পুত্ৰৰ অন্বেষণৰ দৃশ্যই পিৰাভি (মালায়ালম) ছবিখনলৈ মনত পেলাই দিছিলে।
Pyreত অভিনয় কৰিছে দুগৰাকী কুমাউনী বৃদ্ধ-বৃদ্ধা দম্পতীয়ে। পদম সিঙ আৰু হীৰা দেৱীৰ অভিনয় খুউবেই সৰল আৰু প্ৰাকৃতিক। মুখ্য ভূমিকাত তেওঁলোক দুজনৰ অভিনয়ে ছবিখন সমৃদ্ধ কৰিছে। সুযোগ-সুবিধা পালে পায়েৰ খন চাব, কিজানিবা আপোনাৰ প্ৰেমৰ পৰিভাষা সলনি হয়েই!
ALSO READ | Why Achinta Shankar’s Homework Matters In Contemporary Assamese Cinema

Rimli Borkotoky is an Assam-based journalist, film critic, and author. She is the former editor of the popular Assamese magazine ‘Maya’ and the author of two books, of which ‘Urbora Jiyai Asey’ drew significant attention among readers for its bold theme and presentation. Her film criticism and reviews are published in several leading newspapers and digital platforms across the state.
