Drishyam: The Conclusion Review | চাই আমনি নালাগিল
দৃশ্যম:দ্য কনক্লুজন (Drishyam: The Conclusion), দৃশ্যম ছিৰিজৰ এই চিকুৱেল ছবিখনে মুক্তিলাভ কৰিছে যোৱা ২ অক্টোবৰ তাৰিখে। দৃশ্যম ছিৰিজৰ চিনেমাকেইখনৰ লগত ২ অক্টোবৰ তাৰিখটো সংপৃক্ত হৈ আছে। এই ছবিখন পৰিচালনা কৰিছে দৃশ্যম-২ ৰ পৰিচালক অভিষেক পাঠকে। ছবিখনৰ পৰিচালনাৰ লগতে কাহিনী আৰু চিত্ৰনাট্য লিখিছে অভিষেক পাঠকেই।
ছবিৰ আৰম্ভণি ঘটে মীৰা (টাব্বু)আৰু মহেশ (ৰজত কাপুৰ)ৰ কথোপকথনৰে। মীৰাই মহেশক ধন্যবাদ জনাই তেওঁ দিয়া সাহচৰ্যৰ বাবে। পৰৱৰ্তী সময়ত মীৰাই নিজৰ ৰিভলভাৰেৰে আত্মহত্যা কৰাৰ প্ৰয়াস কৰে। ইয়াৰ পিছত মীৰা আৰু মহেশৰ সন্তান সমীৰ হত্যাৰ গোচৰ পুনৰ খোল খাই। পুনৰাই আৰম্ভ হয় বিজয় চালগাউকাৰ (অজয় দেৱগন)ৰ পৰিয়াল আৰক্ষী আৰু আদালতৰ জেৰাৰ সন্মুখীন হ’ব লগা হয়।
কাহিনীলৈ আগমন ঘটে ক্ৰাইম ব্ৰাঞ্চৰ এছ পি ৰাজবীৰ ট’মৰ (জয়দীপ আহলাৱত)ৰ। এইবাৰে বিজয়ে কি কৰিব,পাৰিব নে ৰাজবীৰ ট’মৰৰ দ্বাৰা বিচ্ছুৰিত জালৰ পৰা মুক্ত হ’বলৈ-এই লৈয়েই দৃশ্যম: দ্য কনক্লুজনৰ কাহিনীভাগ আগুৱাই।
এটা সত্যক লুকুৱাবলৈ,নিজৰ পৰিয়ালটিক বচাবলৈ, এজন সমৰ্পিত পিতৃ, সংগীয়ে কি পৰ্যায়লৈকে যাব পাৰে, সেয়া দৃশ্যম আৰু দৃশ্যম-২ চোৱাসকলৰ অৱগত। এক সত্য-যাক ৰহণ সানি এক নতুন কাহিনী সৃষ্টি কৰা হয়, সেই কাহিনীকে বাৰম্বাৰ উনুকিয়াই থাকিলে, কাহিনীটো প্ৰতিষ্ঠা হয়-সি এক নতুন সত্যৰ ৰূপ পাই।
দৃশ্যম: দ্য কনক্লুজৰ (Drishyam: The Conclusion) কাহিনীভাগ আৰম্ভণিৰে পৰাই গতিশীল। ক’তো ৰৈ যোৱাৰ বা আমনি লগাৰ অৱকাশো নাই। শক্তিশালী চিত্ৰনাট্যখন আৰু সবল হাতৰ পৰিচালনাৰে ছবিখন উজ্বলাই তুলিছে অভিষেক পাঠকে। ছবিখনৰ দ্বিতীয়াৰ্ধলৈ উৎকন্ঠা, উত্তেজনা আৰু অধিক বৃদ্ধি পাই।
সন্দীপ ফ্ৰাঞ্চিজৰ সম্পাদনা ছবিখনৰ আন এক শক্তিশালী অংশ। আৱহ-সংগীত পৰিস্থিতি সাপেক্ষ। লগতে ছবিখনৰ চিনেমেট’গ্ৰাফী আৰু পোহৰৰ কাম প্ৰশংসনীয়।
এতিয়া আহিছো অভিনয়ৰ দিশলৈ। অজয় দেৱগনৰ সংলাপৰ পৰিমাপ খুব কম যদিও কম সংলাপেৰে অভিনয় বলিষ্ঠ। টাবু আৰু ৰজত কাপুৰৰ অভিনয়ো সবল। জয়দীপ আহলাৱটৰ কথা নক’লোৱেই যেনিবা!মুঠতে ২ ঘন্টা ২৮ মিনিট দৈৰ্ঘ্যৰ এই ছবিখন চাই আপুনি অলপো আমনি নেপাই।
ALSO READ | Prem XL Review: A Simple Love Story That Works Because Of Its Innocence

Rimli Borkotoky is an Assam-based journalist, film critic, and author. She is the former editor of the popular Assamese magazine ‘Maya’ and the author of two books, of which ‘Urbora Jiyai Asey’ drew significant attention among readers for its bold theme and presentation. Her film criticism and reviews are published in several leading newspapers and digital platforms across the state.
