Skip to main content
CINEMA & CULTURE

অদৃশ্য (Adrishya) Review: আপোনাৰ সময়খিনি অবাবত ব্যয় নহয়

অদৃশ্য (Adrishya) ছবিখন পৰিচালনা কৰিছে সমুজ্জ্বল কাশ্যপে। কাহিনী, চিত্ৰনাট্য আৰু সংলাপ লিখিছে ৰাজদ্বীপে। গত ২০ নৱেম্বৰ তাৰিখে মুক্তি লাভ কৰা এই ছবিখন বৰ্তমানে অসমৰ ভিন্ন ছবিগৃহত চলি আছে। উল্লেখনীয় যে পৰিচালক সমুজ্জ্বল কাশ্যপৰ দ্বাৰা পৰিচালিত এই ছবিখন তেওঁৰ প্ৰথম ছবি।

ছবিখনৰ আৰম্ভণি হয় নিশাৰ অন্ধকাৰৰ এটি দৃশ্যৰে। প্ৰজাপতি (যতীন বৰা) এজন ড্ৰাইভাৰ। ঘৰত সন্তানসম্ভৱা পত্নী আৰু মাতৃ। অমৰেন্দ্ৰ ভট্টাচাৰ্য (তপন দাস)ৰ গাড়ী চলাই প্ৰজাপতিয়ে। প্ৰজাপতি আৰু তেওঁৰ সমস্যাবোৰৰ সৈতে তেওঁ কেনেকৈ যুঁজ দিয়ে, লগতে অমৰেন্দ্ৰ ইয়াত কিদৰে সংযুক্ত হৈ পৰে-তাক লৈয়েই ছবিখনৰ কাহিনীভাগ আগবাঢ়ে।

এখন ঘৰ-কি হয় বাৰু এখন ঘৰ? সকলোৰে বাবেই আপোন এখন ঘৰ প্ৰয়োজন। কোনোবাই যদি বিশাল অট্টালিকা সাজিছে, আন কোনোবাই সৰু ঘৰ এটাতো সপোন ৰচিছে। তেনে কিছু কথাক লৈয়েই অদৃশ্য ছবিখন।

আৰম্ভণিৰে পৰাই কাহিনীৰ গতি ভাল। এক নিৰ্দ্দিষ্ট পৰিমিত ছন্দত গতি কৰে ছবিখনে। আৰু ঘটনাবহুলতাক এনেদৰে উপস্থাপন কৰা হৈছে যে ছবিখন আৰম্ভণিৰে পৰাই মনোগ্ৰাহী হৈ পৰিছে। ক’তো অপ্ৰয়োজনীয় চৰিত্ৰ, পৰিস্থিতিৰ অৱতাৰণা কৰা হোৱা নাই। অপ্ৰয়োজনীয় নাটকীয়তাৰ মেদ নাই ছবিখনত।

আৰম্ভণিৰে পৰাই মৃদু-মধুৰ হাস্যৰসৰ উপস্থাপন কৰা হৈছে। মই প্ৰায়েই আক্ষেপ কৰাৰ দৰে অদৃশ্যত জোৰকৈ উপস্থাপন কৰা হাস্যৰস নাই। অদৃশ্যৰ হাস্যৰস স্বতঃস্ফূৰ্ত। কাহিনীকাৰ, চিত্ৰনাট্যকাৰ ৰাজদ্বীপ এই ক্ষেত্ৰৰ লগতে সামগ্ৰিকভাৱে ছবিখনৰ কাহিনী, চিত্ৰনাট্যৰ বাবেও প্ৰশংসাৰ পাত্ৰ।

ছবিখনৰ সংলাপৰ কথাও উল্লেখ কৰিব লাগিব। সংলাপ প্ৰায় সময়তে শক্তিশালী। একেদৰেই ছবিখনৰ পৰিচালনাৰ বাবে প্ৰশংসাৰ পাত্ৰ পৰিচালক সমুজ্জ্বল কাশ্যপো। আৱহ-সংগীত আৰু গীতৰ প্ৰয়োগ সময় সাপেক্ষ।

অদৃশ্যৰ চিনেমেট’গ্ৰাফী আৰু সম্পাদনাও ভাল হৈছে। অসমীয়া চিনেমা হিচাপে অদৃশ্য এখন অগতানুগতিক চিনেমা।

অদৃশ্যৰ অন্তত এটা বিশেষ ছাৰপ্ৰাইজ আছে। আৰু অন্ত খুউবেই যোগাত্মক তথা ভাল লগা।

অভিনয়ৰ ক্ষেত্ৰত তপন দাস আৰু যতীন বৰাৰ কথা প্ৰথমেই উল্লেখ কৰিব লাগিব। দুয়োৰে যুটীটো খুবেই উপভোগ্য হৈ উঠিছে ছবিখনত। তপন দাস আৰু যতীন বৰাৰ অভিনয় সুন্দৰ। আনহাতে প্ৰিয়ম পল্লবী, হিমাংশু প্ৰসাদ দাসৰো অভিনয় প্ৰশংসনীয়। মুঠতে অদৃশ্য চাবলৈ গৈ আপোনাৰ সময়খিনি অবাবত ব্যয় নহয়।

ALSO READ | 18 November Review: চাই কিয় ভাল নেপালো!

The Almost Kiss

November 9, 2026

A Little Past Midnight

November 7, 2026