Skip to main content
IN-CONVERSATION

অভিনেতা Utpal Dasৰ মনৰ কথাৰে…

চন ২০০৪। জুবিন গাৰ্গৰ এটা নতুন এলবাম, ৰিঙা ৰিঙা মন, মুক্তি পাইছে আৰু এই এলবামৰ পাখি লগা মনে, কিয় বাৰে বাৰে… গীতটোৱে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈ সকলোৰে মন চুই গৈছিল।

জুবিন গাৰ্গৰ সুৰ আৰু কণ্ঠৰ মায়াত শ্ৰোতা-দৰ্শক মুগ্ধ হোৱাৰ লগতে ৰাজেশ ভূঞাই পৰিচালনা কৰা এই গীতটোৰ মিউজিক ভিডিঅ’টোৱো সকলোৰে প্ৰিয় হৈ পৰিছিল আৰু এই ভিডিঅ’টোৰ জৰিয়তে আত্মপ্ৰকাশ কৰা এজন যুৱকেও দৰ্শকৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। সেই মৰমলগা ল’ৰাজন আছিল আমাৰ সকলোৰে চিনাকি উৎপল দাস!

তেতিয়াৰ ১৮-১৯ বছৰীয়া উৎপল দাস হৈ পৰিল অসমৰ নতুন ‘হাৰ্টথ্ৰ’ব’।

তেওঁৰ মোহনীয় হাঁহি, স্বাভাৱিক অভিনয় আৰু শিশুসুলভ সৰলতাই অতি কম সময়ৰ ভিতৰতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। তাৰ পাছত আৰু তেওঁ পিছলৈ ঘূৰি চাবলগীয়া নহ’ল।

ভিচিডি ছবি, পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ, টেলিভিছনৰ ধাৰাবাহিক, ভ্ৰাম্যমাণ থিয়েটাৰ—এটাৰ পাছত এটাকৈ বিভিন্ন মাধ্যমত তেওঁ নিজৰ উপস্থিতি সাব্যস্ত কৰিবলৈ ধৰিলে। ৰিঙা ৰিঙা মনৰ পৰা যি যাত্ৰা আৰম্ভ হ’ল, সেই আজিও আবিৰত ভাৱে গতি কৰিয়েই আছে।

যোৱা জুলাই মাহত অভিনেতাগৰাকীক ককাদেউতা নাতি আৰু হাতী ২ ছবিত দেখা গৈছিল আৰু তেওঁৰ অভিনয়ৰ সকলোৱেই প্ৰশংসা কৰিছে। ছবিখনত তেওঁ প্ৰাঞ্জল শইকীয়াই অভিনয় কৰা চৰিত্ৰটোৰ নাতিৰ ভূমিকাত অভিনয় কৰিছে।

Rimli Borkotoky: উৎপল দাসে নিজকে কি ৰূপে চিনাকি দিবলৈ ভালপাই?অভিনেতা, অথবা অন্য কোনো ৰূপে?

Utpal Das: মই নিজকে পোনপ্ৰথমে এজন মানুহ হিচাপে পৰিচয় দিবলৈ ভালপাম,যি অভিনয়ৰ লগত জড়িত। যদিওবা যিটো কাম মই কৰি আছো,অভিনয়ৰ সৈতে জড়িত হৈ,তথাপিও প্ৰথমেই এজন ব্যক্তি হিচাপে পৰিচয় দিবলৈ পচন্দ কৰো।

অৱশ্যেই অভিনয়ৰ সৈতেই মোৰ পৰিচয়টো গঢ় লৈ উঠিছে,সেই লৈয়েই মোৰো পৰিচয় কেৱল আৰু কেৱল এজন অভিনেতাই। তথাপি বাস্তৱত মই মোক মানুহে মোৰ চিন্তাধাৰা বা মই জীৱনটোক কিদৰে চলাই নিওঁ,সেইধৰণে চিনি পোৱাটো কামনা কৰো। অৱশ্যেই দৰ্শকে মোক এজন অভিনেতা ৰূপেই চাই বা চাব যদিও,যেতিয়াই মই দৰ্শকৰ লগত পোনপটীয়াকৈ বাৰ্তালাপ কৰাৰ সুযোগ পাওঁ,তেতিয়া তেওঁলোকে মোৰ ব্যক্তিসত্বাক লৈয়ো উৎসাহজনক মন্তব্য আগবঢ়াই।

Rimli Borkotoky: চিনেমা আপোনাৰ বাবে কি?

Utpal Das: চিনেমা মোৰ বাবে এক অতি গুৰুত্বপূৰ্ণ মাধ্যম,যাৰ জড়িয়তে মই যিকোনো এক চৰিত্ৰক জীৱন্ত ৰূপ দিব পাৰো। অৱশ্যে মই বহুবাৰেই একেধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰি পাইছো। তাত দৰ্শকৰ গ্ৰহণযোগ্যতা,পৰিচালক,কাহিনীকাৰৰ দৃষ্টিভংগী,পৰিকল্পনা আদি কথাবোৰ লুকাই থাকে। এইখিনিৰ মাজেৰে গৈ অভিনয় কৰোতে যি কলাত্মক আৰু ধনাত্মক দিশ থাকে সেই প্ৰক্ৰিয়াটোক মই খুবেই উপভোগ কৰো। ভিন্ন চৰিত্ৰ ৰূপায়ণ কৰি মোক চিনেমাই বহু ভাল ভাল কথা শিকিবৰ সুযোগ দিছে। চিনেমাই মোক কি দিছে সেই অৱদানৰ বিষয়ে ক’বই লাগিব,যদিওবা মই বহু কম চিনেমাত অভিনয় কৰাৰ সুযোগ পাইছো,তথাপি এজন অসমীয়া যুৱক,যি অভিনয় কৰে,যাৰ নাম উৎপল দাস,এই পৰিচয়টো মোক চিনেমায়েই দিছে। গতিকে মোৰ নামটোক এটা মাত্ৰা প্ৰদান কৰিছে চিনেমায়েই।

Rimli Borkotoky: অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ বৰ্তমান অৱস্থা কেনে বুলি ভাবে?যদিহে পয়ালগা অৱস্থাত আছে আৰু যদিহে উত্থান হৈছে-দুয়োৰে কাৰণ কি বুলি ভাবে?

Utpal Das: সকলো কথাৰে এটা পৰিক্ৰমা থাকে,ভাল বেয়াৰ মাজেৰেই সকলো পাৰ হয়। অসমীয়া চিনেমাৰ বৰ্তমান সময়ত উত্থানেই চলি আছে বুলি মই বিশ্বাস কৰো। ইয়াৰ লগতে উন্নীতকৰণৰ থল যথেষ্ট আছে।

কোনো এখন ছবিয়েই সম্পূৰ্ণৰূপে সাৰ্থক আৰু সফল হ’ব নোৱাৰে,তাত উন্নীতকৰণৰ থল সদায়েই থাকে। সেয়ে সফলতাৰ দিশে গতি কৰিবলৈ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত এই পুৰণি অনুষ্ঠানটি(অনুষ্ঠান বুলিয়েই কৈছো,যিহেতু উদ্যোগ বুলিলে ভুল কৰা হ’ব,যিহেতু উদ্যোগ বুলিবৰ কোনো বৈশিষ্ট্যও নাই এই অনুষ্ঠানটিত আগবাঢ়িবলৈ চেষ্টা কৰি আছে।

মোৰ সীমিত সময় আৰু অভিজ্ঞতাৰ পৰা মই এইটো অনুভৱ কৰিছো যে ভাল ভাল বিষয়বস্তু আৰু নতুন প্ৰতিভাৰ সংযোজনে এক নতুন আশাব্যঞ্জক পৰিবেশৰ সৃষ্টি কৰিছে। চিনেমা এখন তেতিয়া গ্ৰহণযোগ্য হয়,যেতিয়া দৰ্শক ইয়াৰ লগত সংযুক্ত হ’ব পাৰে। বাণিজ্যিক সফলতাতকৈ চিনেমা এখনৰ গ্ৰহণযোগ্যতা বেছি জৰুৰী বুলি ভাবো।

বহু সময়ত বিষয়বস্তুৰ দিশৰ পৰা বেয়া এখন ছবিয়েই ভাল ব্যৱসায় কৰিবলৈ সক্ষম হয়,আনহাতেদি ভাল এখন ছবিয়ে পাব লগা সফলতা লাভ নকৰে। গতিকেই এই সকলোৰে মাজত ন ন প্ৰতিভাৰ আগমন ঘটক,নতুন লিখক পৰিচালক,নতুন কলা- কুশলীৰ এই অনুষ্ঠানলৈ আগমণ ঘটক,যাতে ভৱিষ্যতলৈ আমি আমাৰ পিছৰ প্ৰজন্মক এক আশাব্যঞ্জক পৰিবেশলৈ বুলি আগবঢ়াই দিব পাৰো।

Rimli Borkotoky: অসমীয়া চিনেমা অসমীয়া মানুহে নেচাই”-সততে উঠা এই জাতীয়তাবাদী আৱেগ বা অভিযোগ সম্পৰ্কে কি মন্তব্য কৰিব?

Utpal Das: এইটো এক অপ্ৰিয় সত্য। ইয়াৰ বিভিন্ন কাৰণ আছে,মই তাৰে কেইটিমান উল্লেখ কৰিব পাৰিম।

প্ৰথমেই এগৰাকী দৰ্শক হিচাপে কম যে অসমীয়া চিনেমা নিৰ্মাণৰ পদ্ধতি আছিলে,সেয়া খুউব পুৰণি আছিল। কিন্তু বৰ্তমান অসমৰ মানুহৰ জনজীৱন সলনি হৈছে,আৰু তাৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা চিনেমাৰ সংখ্যা অতি কম। যদিওবা এনে কিছু ছবিয়ে দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে,তথাপি এনে ছবিৰ সংখ্যা তাকৰ। আৰু ইতিবাচক পৰিবেশ সৃষ্টি কৰাৰ ক্ষেত্ৰত ভাল চিনেমাৰ যি ভূমিকা,সেই ভূমিকা অনুপাতে ভাল চিনেমাৰ সংখ্যা বহু তাকৰ।

এইখিনিত মই পুনৰ উনুকিয়াবলৈ ভালপাম যে ভাল চিনেমাৰ সংজ্ঞা সকলোৰে বাবে বেলেগ। যথেষ্ট গুণী-জ্ঞানী ব্যক্তি- জ্যোতিপ্ৰসাদ আগৰৱালা ডঃ ভবেন্দ্ৰনাথ শইকীয়া,মুনীন বৰুৱা আদিৰ দৰে ব্যক্তিসকলে যথেষ্ট অৰিহণা যোগাইছে। লগতেই মই ভাবো যে সময়ৰ লগত সংগতি ৰাখি চলিব নোৱাৰাৰ বাবেও বহু চিনেমাই ইয়াৰ সমুচিত চাহিদা লাভ নকৰিলে।

গতিকে বাৰম্বাৰ দৰ্শক ৰাইজ হতাশ হোৱাৰ ফলত তেওঁলোকে অসমীয়া চিনেমাৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছে। কভিডকালীন লকডাউনেও এক বিশেষ ভূমিকা পালন কৰিছে এইক্ষেত্ৰত।

লকডাউনৰ সময়ৰ পৰা বিশেষকৈ OTT প্লেটফৰ্মবোৰত ভিন্ন চিনেমা,ছিৰিজ আদি উপলব্ধ হ’বলৈ ধৰিলে আৰু বহু দৰ্শকেও চিনেমা চাবলৈ বুলি হললৈ যোৱাৰ প্ৰক্ৰিয়া,খৰচ আদিৰ পৰা পৰিত্ৰাণ পালে। পৰিৱৰ্তন আৱশ্যম্ভাৱী,পিছে সেই পৰিৱৰ্তনৰ লগত খাপ খাই অনুষ্ঠানটোক,চিনেমাক আগুৱাই নিব পাৰি সেয়া এক গুৰুত্বপূৰ্ণ কথা।

এই সকলোবোৰৰ বাবে আলোচনা,গৱেষণাৰ প্ৰয়োজন আছিলে। কিন্তু এইখিনিৰ অবিহনে যে আমি আগবাঢ়ি আছো,গৱেষণা ক্ষেত্ৰত দূৰদৰ্শিতা অভাৱত আচলতে আমি বিফল হৈছো। আৱেগৰ মূল্য দিব পৰা পৰিবেশ আমিয়েই দিব লাগিব। গতিকে খুউব ভাবি-চিন্তি আগবঢ়া ভাল। আৰু অকল আৱেগক লৈয়ো কথাবোৰ নচলে। আমি অসমীয়াই আৱেগিক হৈ যথেষ্ট হেৰুৱাইছোও। আৱেগ আমাৰ শক্তি বুলি ভাবো যদিও ই আচলতে এক দুৰ্বলতা হে। আৱেগক পৰিচালনা কৰা আৰু এক দিশ দিয়াৰ ক্ষমতাও সকলোৰে নেথাকে। কৰ্মক্ষেত্ৰত এই আৱেগ ব্যৱহাৰ কৰিলে অধিক লাভান্বিত হ’ব। কিন্তু হকে-বিহকে এই জাতীয়তাবাদী আৱেগৰ ব্যৱহাৰ কৰি কিবা আদায় কৰাটো নিতান্তই অতি অপ্ৰয়োজনীয় আৰু অনুচিত কথা। কৰ্ম হে পৰিচায়ক হ’ব লাগে,আৱেগক ব্যৱহাৰ কৰাতো হ’ব নেলাগে।

Rimli Borkotoky: ৰূপালী পৰ্দা আৰু ভ্ৰাম্যমাণৰ মঞ্চ কোনখন প্ৰিয়?

Utpal Das: দুয়োটাই। ৰূপালী পৰ্দা আৰু ভ্ৰাম্যমাণে,মোক বহুতো শিকাইছে। দুয়ো ক্ষেত্ৰতেই মই কাম কৰাৰ সুযোগ পোৱাৰ বাবে দুয়ো ক্ষেত্ৰৰ কামৰ শৈলী শিকিবলৈ পাইছো। দুয়ো ক্ষেত্ৰৰ শৈলীত পাৰ্থক্য আছে আৰু এই পাৰ্থক্যক মই শিকিব পাৰিছো বুলি ভাবো।

এটা কথা কব’ই লাগিব যে ভ্ৰাম্যমাণৰ মঞ্চই মোক ভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ প্ৰদানৰ লগতে নিজকে অন্বেষণ কৰাৰ এক সুৱৰ্ণ সুযোগ প্ৰদান কৰিছে,যিটো চিনেমাৰ ক্ষেত্ৰত কমেই হে পোৱা যায়। ইয়াতো বিভিন্ন কাৰক আৰু কাৰণ আছে।

প্ৰথমে মই ভ্ৰাম্যমাণৰ মঞ্চত কি অভিনয় কৰিব পাৰিম তাক লৈ শংকিত আছিলো। আনকি মই নিজে অভিনয় কৰাক লৈয়ো শংকিত আছিলো। পৰৱৰ্তী সময়ত মই চেষ্টা হে কৰিছো সেই অনুষ্ঠান বা মঞ্চৰ শৈলীৰ লগত নিজৰ অভিজ্ঞতাৰে সম্পূৰ্ণ সুবিচাৰ কৰিবলৈ।

এইখিনিতে মই ক’ব খুজিম যে আমি বিৰাজমান কৰা পৰিবেশ,পৰিস্থিতিত বহু অযোগ্য মানুহে নিজৰ কাম কৰি আছে। মই নিজকেও একেদৰেই ভাবো। কিন্তু যেতিয়াই মই নিজকে অযোগ্য বুলি অনুভৱ কৰিছো,মই নিজকে যোগ্য কৰিবলৈ চেষ্টা কৰিছো।

এই গত ২০-২২ বছৰত মই দৰ্শকৰ যি আদৰ-স্নেহ লাভ কৰিবলৈ সক্ষম হৈছো সেয়া মোৰ যোগ্যতাতকৈ অধিক পাইছো বুলি ভাবো। গতিকে যিমান পাৰো সচেতনতাৰে মই দৰ্শকৰ আগত তেওঁ‌লোকৰ আদৰ-স্নেহৰ যোগ্য বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা কৰো। আৰু সেয়ে মই যিমান পাৰো দৰ্শকক দিবলৈ চেষ্টা কৰো। সেই চেষ্টাৰ বাবে মই নিজকে দায়িত্বশীল কৰি তুলিছো। আৰু অসমত যদিহে আপুনি ভ্ৰাম্যমাণ আৰু ৰূপালী পৰ্দা দুয়োটাতেই অভিনয় কৰাৰ সুযোগ লাভ কৰিছে তেন্তে আপুনি সৌভাগ্যবান। অৱশ্যে দুয়োটা মাধ্যমত ন্যায্যতা প্ৰদান কৰাতো এক ডাঙৰ সংগ্ৰাম আৰু সেই সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ পোৱাতো এক সৌভাগ্যই।

Rimli Borkotky: চিনেমাৰ কোন ধাৰাই আপোনাক বিশেষভাৱে আকৰ্ষিত কৰে?

Utpal Das:  মই বিভিন্ন ধাৰাৰ চিনেমা ভালপাওঁ। ড্ৰামা,ছাইন্স ফিকচন,থ্ৰিলাৰ আদি ধাৰাৰ চিনেমা ভালপাওঁ। অৱশ্যে দৰ্শক হিচাপে মই চিনেমা এখনৰ কাহিনী কথনত যি

মানৱীয় আৱেগৰ সংযোগ থাকে তাক অনুভৱ কৰি আপ্লুত হওঁ। সৰুৰে পৰাই মোৰ সৌভাগ্য যে মই যথেষ্ট ছিৰিয়াছ ছবি চাবলৈ পাইছিলো। সেয়া দূৰদৰ্শনতেই হওঁক বা পৰৱৰ্তী পৰ্যায়ত নিজে সংগ্ৰহ কৰা ছবিয়েই হওক। মই গুলজৰৰ ইজাজত,আন্ধী আদি ছবি সংগ্ৰহ কৰিছিলো। হয়তো মই বয়সতকৈ অধিক বুজিছিলো। সদায়ে মোক কিছু ছিৰিয়াছ,কিছু যুক্তিযুক্ত চিনেমাই অধিক আকৰ্ষিত কৰিছিল। গতিকে দৰ্শক হিচাপে মই নিজকে এজন যুক্তিযুক্ততা বিচাৰ কৰিব পৰা ব্যক্তি বুলি ভাবো।

যদিওবা বয়সৰ লগে লগে কিছু পচন্দ সলনি হয়,তথাপিও মই পূৰ্বে উল্লেখ কৰাৰ দৰে চিনেমাৰ মাধ্যমেৰে বা চিনেমাৰ কাহিনী কথনত যি মানৱীয় আৱেগ আৰু মানৱীয় সংযোগক কিদৰে উপস্থাপন হয়,তাক অধিক গুৰুত্ব দিওঁ। অৱশ্যেই মনোৰঞ্জনো লাগে,তথাপিও মানৱীয় সম্পৰ্ক,মানুহৰ সহাৱস্থানত সৃষ্টি হোৱা সমস্যা আদি কথাবোৰে মোক এতিয়াও অধিক আকৰ্ষিত কৰে।

Rimli Borkotoky: উৎপল দাস হতাশ কেতিয়া হয়?

Utpal Das: যেতিয়া কামবোৰ সঠিকভাৱে বা ভবামতে হৈ নুঠে। যেতিয়া আপুনি এটা ভুল পদ্ধতিক প্ৰত্যক্ষ কৰি থাকে আৰু তাক শুধৰাবলৈ চেষ্টা কৰি থাকে,কিন্তু শুধৰাবলৈ সক্ষম নহয়,তেতিয়া হতাশ হওঁ। আমি কোনো সম্পূৰ্ণ নিখুঁত নহয়,কিন্তু নিজকে শুধৰুৱাৰ প্ৰক্ৰিয়াটো চলাই নিবই লাগিব।

Rimli Borkotoky: অভিনয় কৰিবৰ বাবে আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজন কিমান জৰুৰী বুলি ভাবে?

Utpal Das: আজিৰ সময়ত খুউবেই প্ৰয়োজনীয়। কাৰণ অভিনয় কোনো দৈৱিক বা ঐশ্বৰিক শক্তি নহয়,ই মূলতঃ এক শৈলী। আৰু শৈলীৰ উন্নীতকৰণৰ বাবে প্ৰশিক্ষণ খুবেই জৰুৰী। অসমত আমি এনেকুৱা বহুতো অভিনেতা,অভিনেত্ৰী আছো,যিয়ে কোনো প্ৰশিক্ষণ নোহোৱাকৈয়ে দৰ্শকৰ মৰম বুটলিবলৈ সক্ষম হৈছো। এইয়া আমাৰ সৌভাগ্য বুলিয়েই ভাবো। কিন্তু যিসকলে প্ৰশিক্ষণ লৈ অভিনয়ত নামে,তেওঁলোকে এই শৈলীটোক আৰু অধিক নিখুঁতকৈ বাস্তৱায়িত কৰিব পাৰি। তেওঁলোকৰ সম্ভাৱনা অধিক আৰু অধিক ভাল হৈ উঠে শৈলীটো। চিনেমাৰ প্ৰতিটো কাৰ্যকৰী দিশতেই প্ৰশিক্ষণ জৰুৰী বুলি মই ভাবো। কাৰণ আমি বহুত সীমাবদ্ধতাৰ মাজত কাম কৰো,তেনেস্থলত সকলো বিভাগেই যদি নিজৰ শ্ৰেষ্ঠতমখিনি উজাৰি দিব পাৰে,সেয়া আমাৰ অসমীয়া চিনেমাৰ বাবেই ভাল।

Rimli Borkotoky: ভৱিষ্যতলৈ কেনেধৰণৰ ছবি আশা কৰিম আপোনাৰ পৰা?

Utpal Das: দীঘলীয়াকৈ চাগৈ ছবি নকৰিমেই। মই বৰ হতাশ,কিছুদিনৰ বাবে বিৰতি লম বুলি ভাবিছো। নিজৰ লগতে,নিজৰ অন্তৰ্নিহিত ব্যক্তিসত্বাটোক,তাৰ অন্তৰ্দ্বন্দ্বক কিছু সময় দিওঁ ভাবিছো। মই নিজে এটি অতি অসুখী বুলি ক’ব পাৰি। অৱশ্যে মঞ্চ বা পৰ্দাত মই হাঁ‌হিলে সঁ‌চাকৈ সুখী হওঁ আৰু কান্দিলে সঁ‌চাকৈ দুখী হওঁ। যদিহে মই অভিনয়ৰ প্ৰশিক্ষণপ্ৰাপ্ত হ’লো হয়,তেতিয়া এই অন্তৰ্দ্বন্দ্ববোৰ চম্ভালিবলৈ সহজ হ’ল হয় বুলি মই ভাবো। গতিকে নিজৰ বাবে অলপ সময় দিওঁ বুলি ভাবিছো। এইবোৰৰ পৰা মুক্ত হ’ব পাৰিলে মই আৰু অধিক ভাল কাম মোৰ পেছাটোক দিব পাৰিম বুলিও ভাবো।

Rimli Borkotoky: অসমীয়া দৰ্শকে কেনে ছবি চাই ভালপাই?

Utpal Das:-বিনোদনধৰ্মী আৰু অনুভৱেৰে ভৰা বুলি মই ভাবো। কিছু বিনোদন বা মছলাও লাগে বুলি বিশ্বাস কৰো। জীৱনত সকলোৰে সংঘাত থাকে,আৰু মানুহে নিজৰ সমস্যা বা জটিলতাৰ পৰা পৰিত্ৰাণ পাবলৈ হে ছবিগৃহ বা ভ্ৰাম্যমাণৰ মঞ্চৰ কাষলৈ যায়। কিন্তু মনোৰঞ্জন আৰু বাস্তৱিকতাৰ মাজেৰে অন্তটো ভাল বুলি ভাবিব পৰা এক বাৰ্তা পোৱা গ’লে দৰ্শক সুখী হয়। দৰ্শকে জানে ভাল-বেয়া কি,তেওঁ‌লোকৰ হাতত তথ্যও থাকে। গতিকে আমি তেওঁলোকক সেই অনুসৰি মনোৰঞ্জন দিয়াতো জৰুৰী বুলি ভাবো।

Rimli Borkotoky: উৎপল দাসৰৰ কেনে চৰিত্ৰ কৰিবলে মন আছে?

Utpal Das: যি চৰিত্ৰই মোক প্ৰত্যাহ্বান জনাই,তেনে চৰিত্ৰ কৰিবলৈ মন। যি চৰিত্ৰ মোৰ বাবে জটিল বা অসম্ভৱ ধৰণৰ,তেনে চৰিত্ৰ কৰিবলৈ ভালপাওঁ। মই নতুন নতুন অৱস্থাত অভিমানী মনত মোৰ ব্যক্তিত্বৰ ঠিক বিপৰীত চৰিত্ৰ এটাত অভিনয় কৰিছিলো। এনেবোৰ চৰিত্ৰই মোক নিজকে জুকিয়াই চোৱাত সহায় কৰিছে। তাৰবাবে মই মোৰ প্ৰতিজন লিখক, সহকৰ্মীকে ধন্যবাদ জনাব খুজো। ভ্ৰাম্যমাণৰ মঞ্চত তেনে নাটক দুখন নাটক হৈছে ৰাজদ্বীপৰ বিৰিখৰ বিৰিণা আৰু ব্ৰহ্মচাৰী।

Rimli Borkotoky: বৰ্তমানলৈকে আপুনি নিজৰ কামক লৈ সন্তুষ্ট নে?

Utpal Das: মই একেবাৰেই নহয়। মই চেষ্টা কৰিছো ক’লা-বগাৰ সংমিশ্ৰণ(grey) হ’বলৈ,পিছে মই ক’লা-বগাত বিশ্বাসী এজন মানুহ। আনুষ্ঠানিক শিক্ষা আৰু পৰিয়াল তথা পৰিবেশ পৰা যি অভিজ্ঞতা মই লাভ কৰিছো,সেই অভিজ্ঞতাই মোক ক’লা-বগা(grey)ৰ সংমিশ্ৰণ হ’বলৈ নিশিকাই। মই চেষ্টা কৰিছো,নকৰা নহয়। কিন্তু সকলো ক্ষেত্ৰতে সুলভ স্থিতি গ্ৰহণ কৰাতো মোৰ বাবে সম্ভৱ নহয়। সেয়ে হয়তো মই কাম কৰা ছবিৰ সংখ্যা তাকৰ। কিন্তু মই নিজৰ ভাল-বেয়া বিচাৰ কৰাৰ ক্ষমতা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাত সন্তুষ্ট। সহজলভ্য বা সুলভ স্থিতি গ্ৰহণ কৰি ভাল চৰিত্ৰ লোৱাৰ পক্ষত মই নাই। বাকী ভাল ভাল কাম কৰিবলৈ খুবেই ইচ্ছা আছে,থাকিবও।

Rimli Borkotoky: চিনেমা এখন কেনেদৰে সফল হোৱাতো বিচাৰে?বাণিজ্যিকভাৱে কিম্বা বিষয়বস্তু অনুযায়ী?

Utpal Das: মই ভাবো বিষয়বস্তুটো খুউবেই জৰুৰী। মই বাণিজ্যিক সফলতাটো চিনেমাৰ সফলতা বুলি নেভাবো। ভাল চিনেমাৰ পৰিভাষা সকলোৰে বাবে বেলেগ। কিন্তু মূল কথা হৈছে অনুভৱ। চিনেমা এখন চাই দৰ্শক এজনে কি অনুভৱ কৰে আৰু সেই অনুভৱে জীৱনত কি প্ৰভাৱ পেলাই সেয়া গুৰুত্বপূৰ্ণ। বিষয়বস্তুক খুবেই গুৰুত্বসহকাৰে ল’ব লাগে। বিশেষকৈ বৰ্তমান সময়ত।

ALSO READ | কাহিনীকাৰ,পৰিচালক Chinmoy Sarmahৰ সৈতে অলপ আলাপ

The Broom After Dark

August 19, 2026