Skip to main content
CINEMA & CULTURE

18 November Review: চাই কিয় ভাল নেপালো!

১৮ নৱেম্বৰ (18 November) বুলি ক’লেই প্ৰত্যেক অসমীয়াৰ মনলৈ আহে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনৰ কথা। এই ১৮ নৱেম্বৰকে শিৰোনাম কৰি নিৰ্মিত হৈছে ১৮ নৱেম্বৰ বুলি অসমীয়া ছবিখন।

১৮ নৱেম্বৰতে মুক্তিলাভ কৰা এই ছবিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা মনোজিৎ শৰ্মাৰ। ছবিখন বৰ্তমান অসমৰ ভিন্ন ছবিগৃহত চলি আছে।

ছবিখনৰ আৰম্ভণি হয় জুবিন গাৰ্গক জীৱন্তৰূপত চিত্ৰায়নেৰে। নিশাৰ ৰাজপথত এক গাড়ীচালক (বাহাৰুল ইছলাম) আৰু এজন যাত্ৰী (অৰুণ নাথ) লগ হয়। যাত্ৰা কৰিবলৈ খুজোতেই ঘটে এক দুৰ্ঘটনা। এই লৈয়েই ছবিখনৰ কাহিনীভাগ আগবাঢ়ে।

ছবিখনত দুৰ্ঘটনা বহুকেইটাই ঘটে আৰু দুৰ্ঘটনাৰ তাৰিখ কাকতালীয়ভাৱে ১৮ নৱেম্বৰ (ভিন্ন বৰ্ষৰ)। দুই কন্যা সন্তানসহ অৰুণ নাথ, অপৰ্ণা দত্ত চৌধুৰীৰৰ পৰিয়ালৰ লগত এনে কি দুৰ্ঘটনা ঘটে তাক কেন্দ্ৰ কৰিয়েই ছবিখনৰ কাহিনীভাগ।

ছবিখনৰ গতি আৰম্ভণিৰ পৰাই লেহেমীয়া। এটা মৃতদেহ গাড়ীত লৈ ফুৰাৰ সময়ত প্ৰধানতঃ গাড়ীচালকৰ মুখত তেনে কোনো সংশয়, উত্তেজনাৰ ভাব প্ৰকট নহ’ল। ছবিখনৰ প্ৰথমাৰ্দ্ধত ছবিখনৰ মুল ঘটনাপ্ৰৱাহতকৈয়ো, এই ঘটনাপ্ৰৱাহৰ আনুষংগিকতাৰ উপস্থাপন অধিক কৰা দেখা গ’ল।

ফ্লেছবেকৰ দৃশ্যাংশৰ অধিক উপস্থাপন আৰু প্ৰাসংগিক সময়ৰ উপস্থাপনত এক সু-সামঞ্জস্য ৰাখিবলৈ অপাৰগ হ’ল চিত্ৰনাট্যকাৰ, পৰিচালক। ছবিখনৰ কাহিনীভাগ অপ্ৰত্যাশিত, কিন্তু ইয়াৰ সঠিক তথা সমুচিত উপস্থাপন নহ’ল।

এতিয়া আহিছো ছবিখনৰ মই আটাইতকৈ বেয়া পোৱা দিশটোলৈ। হয়তো এইটো দিশত সকলো অসমীয়ায়েই একমত হ’ব। সেইটো হৈছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক AI ৰ জড়িয়তে জীৱন্ত ৰূপ দি বিকৃত কৰাৰ অপপ্ৰয়াস। এইটো কম ডাঙৰ ভুল কৰা নাই পৰিচালক, কাহিনীকাৰে।

আমি সকলোৱেই জুবিন গাৰ্গক দেখিছো, জানো। তেনেস্থলত, জুবিন গাৰ্গক AI বা কৃত্ৰিম বুদ্ধিমত্তাৰ যোগেদি জীৱন্ত ৰূপ দি যি বিকৃতকৰণ কৰিলে, সেয়া অক্ষমণীয়। AI কথা ধুৰুপ যে, জুবিন গাৰ্গক জীৱন্তৰূপত দেখিবলৈ পালে আমি সকলোৱেই অপৰিসীম সুখ লাভ কৰিম। কিন্তু এনেকৈ?

ছবিখন চাই থাকোতে এগৰাকী লিখক হিচাপেই নহয়, জুবিন গাৰ্গৰ একান্ত অনুৰাগী হিচাপেও ক্ষুণ্ণ হ’লো। হয়তো পৰিচালকে অকল ব্যৱসায়িক দৃষ্টিভংগী আগত ৰাখি এই কামটো কৰিলে। ছবিখনত বহুকেইটা মেৰপাক আছে যদিও এই পাকবোৰ সু-শৃংখলিত নহ’ল।

ছবিখনৰ দৈৰ্ঘ্য বহুত বেছি নহয় যদিও,সম্পাদনা আৰু ভাল হোৱাৰ সম্ভাৱনা ৰৈ গ’ল। অভিনয়ৰ ক্ষেত্ৰত ভাল লাগিলে কম সময়ৰ বাবে স্ক্ৰীণত ভুমুকি মৰা অপৰ্ণা দত্ত চৌধুৰীৰ কথা ক’বই লাগিব। লগতে ৰোহন শৰ্মা, অৰুণ নাথৰ লগতে ৰাজু ৰয়ৰ অভিনয় ভাল। ছবিখনৰ অন্তলৈ মৃত মানুহৰ আত্মাই শান্তি নোপোৱাৰ বাবে জীৱিত মানুহক দেখা দি কাহিনী কোৱা কথাটো একেবাৰেই গ্ৰহণযোগ্য নহ’ল।

মুঠতে এক কথাত ক’বলৈ গ’লে, এনে এখন ছবি চাই দুঘন্টাকৈ সময়ৰ অপব্যয় কৰিব নোৱাৰি।

ALSO READ | Homework Review: Sloppy Writing Dilutes An Otherwise Good Concept

The Almost Kiss

November 9, 2026

A Little Past Midnight

November 7, 2026