Skip to main content
CINEMA & CULTURE

কিয় নিৰাশ হ’লো ককাদেউতা,নাতি আৰু হাতী-২ চাই

আজিৰ পৰা চাৰি দশকতকৈ বেছি কাল আগতে ককাদেউতা,নাতি আৰু হাতী ছবিখনে মুক্তি লাভ কৰিছিলে, আৰু গত ৩ জুলাই তাৰিখে মুক্তি লাভ কৰিলে ইয়াৰ চিকুৱেল ককাদেউতা,নাতি আৰু হাতী-২ য়ে।

ভাস্কৰ হাজৰিকাৰ চিত্ৰনাট্যৰে,বিশ্বজিৎ বৰাৰ পৰিচালনাৰে নিৰ্মিত এই চিনেমাখন বৰ্তমান অসমৰ ভিন্ন চিত্ৰগৃহত চলি আছে।

ছবিখনৰ আৰম্ভণি হয় বৃকোদৰ নামৰ হাতীটোৰ জন্মদিন উদযাপনৰে। বৃকোদৰ নিৰুদ্দেশ। ককা প্ৰাঞ্জল শইকীয়াই কেক্ কাটি জন্মদিনৰ উদযাপন কৰি থকাৰ পিছতেই গাঁ‌ৱৰ ল’ৰা এজন (পংকজ মহন্ত)লৈ আমেৰিকাৰ পৰা ককাৰ পুত্ৰ (যতীন বৰা)ৰ ফোন আহে।

প্ৰাঞ্জল শইকীয়াৰ লগত ভিন্ন কাৰণত পুত্ৰৰ সম্পৰ্ক নাছিল আৰু সেয়ে যোগাযোগো নাছিল। যতীন বৰাই তেওঁৰ পুত্ৰ অংকুৰ (উৎপল দাস)ক কামপুৰ গাঁ‌ৱলৈ পঠিয়াব বুলি জনাই।

ককাক উত্ৰাৱল,পিছে নাতি আহি পাই সুৰাৰ নিচাত বেহুচপ্ৰায় হৈ। নাতিৰ লগত ককাকৰ সম্পৰ্ক খুব ভাল হৈ নুঠে। মাজে মাজে আকৌ ককাকৰ বাধা সত্বেও নিচা কৰি ধৰা পৰে অংকুৰ।

অংকুৰৰ চৰিত্ৰত উৎপল দাসৰ অভিনয় সুন্দৰ। যদিওবা তেওঁৰ চৰিত্ৰটিক আৰু অধিক গুৰুত্ব দিয়া হয় ছবিখনেও এক অন্য মাত্ৰা পালেহেঁতেন। লগতে হাতীটোকো অৰ্থাৎ বৃকোদৰকো প্ৰথমাৰ্দ্ধৰ পৰাই অংকুৰৰ সৈতে অধিক সংযুক্ত কৰাত গুৰুত্ব প্ৰদান কৰিব লাগিছিলে।

অংকুৰৰ ইমান নিচাসক্ত হোৱাৰ আঁ‌ৰত থকা কাৰণত অলপ গভীৰভাৱে ট্ৰিটমেন্ট দিয়াৰো থল আছিলে।

মুখ্য নাৰী চৰিত্ৰত যি আছে প্ৰীতি কংকনা। তেওঁৰো চিনেমাত নায়কৰ কাষৰীয়া চৰিত্ৰ এটিৰ বাদে আন গুৰুত্ব বা অস্তিত্ব নাই।

এনিশা বৃকোদৰৰ যাদুকৰী পৰশত তাৎক্ষণিকভাৱে অংকুৰ ভাল হৈ উঠে। মানে গাওঁখনক,ককাকক ভালপাবলৈ ধৰে আৰু নিচা এৰি দিয়ে। তেনেতে এদিন ককাকৰ লগত এফালৰ পৰা গাড়ী চলাই আহি থাকোতেই দুয়োৰে দুৰ্ঘটনা হয় কিছু দুবৃত্ত আহি দুয়োকে আক্ৰমণ কৰে। দুয়ো আঘাতপ্ৰাপ্ত হৈ বিচ্ছিন্ন হৈ পৰে। উৎপল দাস জংঘলৰ মাজত গুলীবিদ্ধ হৈ হেৰাই যায়। এই উত্তেজনা-সংশয়ক লৈ আৰু উৎকন্ঠাৰ সৃষ্টি কৰিব পাৰিলেহেঁতেন।

দ্বিতীয়াৰ্দ্ধত এদিন পাৰ হওঁ‌তেই আমেৰিকাৰ পৰা যতীন বৰা আহি পাই আৰু অসুস্থ পিতৃ প্ৰাঞ্জল শইকীয়াক লগ ধৰে আৰু সম্পৰ্কীয় বিৰিঞ্চি (তপন দাস)ৰ সৈতে চাহ-কফি খাই আলোচনা কৰে।

সেইখিনি সময়ত পুত্ৰৰ বাবে ব্যাকুল পিতৃ এজনে (যতীন বৰা)ই এনেদৰে বহি চাহ খাই থকাতো বেছ দৃষ্টিকটু হৈছে।

প্ৰাঞ্জল শইকীয়াৰ অতি অভিনয়ৰ বাবে তেওঁ দুখ লগাবলৈ বহু চেষ্টা কৰাৰ পিছতো দুখৰ উদ্ৰেক নহয়।

প্ৰথমাৰ্দ্ধত কিছু মন্থৰ গতিত হ’লেও ছবিখনে এক ছন্দত গতি কৰে,পিছে দ্বিতীয়াৰ্ধত সেই গতি ৰুদ্ধ হৈ পৰে।

চিনেমাৰ চিত্ৰনাট্যখন সু-সংৰচিত নোহোৱাৰ বাবেই দ্বিতীয়াৰ্ধত এই অৱস্থা। আগতেও কৈ আহিছো যে,দুৰ্বল চিত্ৰনাট্য এখনৰ বাবে প্ৰায়েই সম্পাদনাৰ দিশটোও দুৰ্বল হৈ পৰে। ককাদেউতা,নাতি আৰু হাতী-২ তাৰ ব্যতিক্ৰম নহয়।

ছবিখনত অভিনয়ৰ ক্ষেত্ৰত উৎপল দাসৰ নাম প্ৰথমেই ল’ব লাগিব। লগতে তপন দাস,পংকজ মহন্তৰো অভিনয় সাৱলীল।

চিনেমেট’গ্ৰাফীৰ খুব সুন্দৰ কাম কৰিছে প্ৰদীপ দৈমাৰীয়ে। থোৰতে,ককাদেউতা,নাতি আৰু হাতী-২ ত চিত্ৰনাট্য আৰু কাহিনীক অধিক গুৰুত্ব দিয়াহেঁতেন আৰু লগতেই ইয়াৰ দৈৰ্ঘ্য কম কৰাহেঁতেন-চিনেমাখন সফল হ’লহয়।

ALSO READ | মৰমৰ দেউতা: আধৰুৱা হৈ ৰ’ল বহু কথা

The Broom After Dark

August 19, 2026